গানে কি আনে সুৰৰ সোপানে সোপানে

গানে কি সানে ডাৱৰৰ কাণে কাণে

ৰামধেনুৰ শিতানে শিতানে

সুৰৰ সোপানে সোপানে ।

গানে কি আনে সুৰৰ সোপানে সোপানে

গানে কি সানে ডাৱৰৰ কাণে কাণে

ৰামধেনুৰ শিতানে শিতানে

সুৰৰ সোপানে সোপানে ।

 

সৌ আকাশৰ ঢৌ তোলা

জোনাকৰ গানে

সৌ পথাৰৰ থোৰ মেলা

কুমলীয়া ধানে

জানো জানে,

জানো জানে ?

গানে কি আনে কি সানে

সুৰৰ সোপানে সোপানে 

ৰামধেনুৰ শিতানে শিতানে

সুৰৰ সোপানে সোপানে ।

 

গানে শাওনৰ আকাশৰ দৰে কান্দে

গানে ৰূপহী বিজুলী চমকেৰে হাঁহে ।

গানে শাওনৰ আকাশৰ দৰে কান্দে

গানে ৰূপহী বিজুলী চমকেৰে হাঁহে ।

গানে কি আনে কি সানে

সুৰৰ সোপানে সোপানে

ৰামধেনুৰ শিতানে শিতানে

সুৰৰ সোপানে সোপানে ।

গানে কি আনে সুৰৰ সোপানে সোপানে

গানে কি সানে ডাৱৰৰ কাণে কাণে

ৰামধেনুৰ শিতানে শিতানে

সুৰৰ সোপানে সোপানে ।